উত্তৰ- এহছানৰ অৰ্থ হৈছে এই অনুভূতি পোষণ কৰা যে, সদায় আল্লাহে দেখি আছে, লগতে সৃষ্টিৰ উপকাৰ কৰা তথা কল্যাণ কৰাকো এহছান বোলে।
যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে প্ৰতিটো বিষয়তে তোমালোকৰ ওপৰত এহছান অনিবাৰ্য কৰিছে। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
উদাহৰণস্বৰূপে এহছান যেনে-
আল্লাহৰ ইবাদতৰ ক্ষেত্ৰত এহছান, অৰ্থাৎ নিৰ্ভেজালভাৱে ইখলাচৰ সৈতে তেওঁৰ ইবাদত কৰা।
পিতৃ-মাতৃৰ প্ৰতি এহছান, কথা আৰু কৰ্মৰ দ্বাৰা।
আত্মীয়-স্বজনৰ সৈতে উত্তম ব্যৱহাৰ কৰিব লাগে।
প্ৰতিৱেশীৰ সৈতে উত্তম ব্যৱহাৰ কৰিব লাগে।
অনাথ আৰু দুখীয়া-দৰিদ্ৰৰ প্ৰতি উত্তম ব্যৱহাৰ কৰিব লাগে।
আপোনাক দুখ দিয়া লোকৰ প্ৰতিও উত্তম ব্যৱহাৰ কৰিব লাগে।
কথা-বতৰাৰ ক্ষেত্ৰতো উত্তম ব্যৱহাৰ কৰিব লাগে।
বাদ-বিবাদৰ ক্ষেত্ৰতো উত্তম ব্যৱহাৰ কৰিব লাগে।
জীৱ-জন্তুৰ প্ৰতি উত্তম ব্যৱহাৰ কৰিব লাগে।
উত্তৰ-
১- আল্লাহৰ অধিকাৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমানত।
উদাহৰণস্বৰূপে- সততা বা আমানতৰ সৈতে ইবাদত আদায় কৰা, যেনে- চালাত, জাকাত, চিয়াম, হজ্জ আদি ইবাদত যিবোৰ আল্লাহে আমাৰ ওপৰত ফৰজ কৰিছে।
২- সৃষ্টিৰ অধিকাৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমানত।
উদাহৰণস্বৰূপে- মানুহৰ মান-সন্মান ৰক্ষা কৰা।
সিহঁতৰ ধন-সম্পদ
সিহঁতৰ তেজ
আৰু সিহঁতৰ গোপনীয়তা, লগতে মানুহে বিশ্বাস কৰি আপোনাক দিয়া সকলো প্ৰকাৰ দায়িত্ব সততাৰে ৰক্ষা কৰা।
মহান আল্লাহে সফল লোকৰ গুণাগুন বৰ্ণনা কৰি কৈছেঃ আৰু (তেওঁলোক হৈছে বিশ্বস্ত) যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে, (ছুৰা আল-মুমিনূনঃ ৮)
উত্তৰ- সত্যতা হৈছে বাস্তৱৰ লগত মিল থকা কোনো সংবাদ বা সঁচা কথা কোৱা।
উদাহৰণস্বৰূপেঃ
মানুহৰ সৈতে সত্য কথা কোৱা, অৰ্থাৎ মিছা কথা নোকোৱা।
সঁচা প্ৰতিশ্ৰুতি কৰা।
প্ৰতিটো কথা-কৰ্ম সততাৰে কৰা।
যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় সত্যতাই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ ফালে লৈ যায়। কোনো ব্যক্তিয়ে যেতিয়া সদায় সত্য কথা কয় তেতিয়া তাৰ নাম সত্যবাদী হিচাপে লিপিবদ্ধ কৰা হয়। মুত্তাফাক্ব আলাইহ
উত্তৰ- সত্যৰ বিপৰীত হৈছে মিছা, অৰ্থাৎ বাস্তৱৰ বিপৰীত। যেনে- মানুহৰ লগত মিছা কথা কোৱা, প্ৰতিশ্ৰুতি ভঙ্গ কৰা, মিছা সাক্ষী দিয়া।
যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আনহাতে মিছাই পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামৰ ফালে লৈ যায়, কোনোবাই যেতিয়া অধিক মিছা কথা কয়, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়। মুত্তাফাক্ব আলাইহ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ মুনাফিকৰ চিহ্ন হৈছে তিনিটা, তাত তেখেতে উল্লেখ কৰিছে, "কথা ক'লে মিছা কথা কয় আৰু প্ৰতিশ্ৰুতি দিলে ভংগ কৰে।" মুত্তাফাক্ব আলাইহ
উত্তৰ- আল্লাহৰ আনুগত্যৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা।
গুনাহ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা।
কষ্টদায়ক ঘটনাৰ ক্ষেত্ৰত তাক্বদীৰৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। লগতে সৰ্বাৱস্থাতেই আল্লাহৰ প্ৰশংসা কৰা।
আল্লাহে কৈছেঃ আল্লাহে ধৈৰ্য্যশীলসকলক পছন্দ কৰে। (ছুৰা আলে-ইমৰাণঃ ১৪৬) আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই তেওঁৰ বাবে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবেই কল্যাণকৰ। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
উত্তৰ- আনুগত্যৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ নকৰা, পাপকৰ্ম পৰিত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ নকৰা, ভাগ্যৰ ওপৰত অতিষ্ঠ হৈ কথা অথবা কৰ্মৰ দ্বাৰা অসন্তুষ্টি প্ৰকাশ কৰা।
উদাহৰণস্বৰূপেঃ
মৃত্যু কামনা কৰা।
গালত চৰিওৱা।
কাপোৰ ফালি পেলোৱা।
চুলিবোৰ আউল-বাউল কৰা।
নিজৰ ধ্বংসৰ বাবে বদ-দুআ কৰা।
যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ বিপদ যিমান মাৰাত্মক হয়, প্ৰতিদানো সিমানেই মহান হয়। আল্লাহে যেতিয়া কোনো সম্প্ৰদায়ক পছন্দ কৰে তেতিয়া তেওঁলোকক (বিপদগ্ৰস্ত কৰি) পৰীক্ষা কৰে। যিয়ে তাত সন্তুষ্ট থাকে, তেওঁ (আল্লাহৰ) সন্তুষ্টি অৰ্জন কৰে। আনহাতে যিয়ে অসন্তুষ্ট হয়, সি (আল্লাহৰ) অসন্তুষ্টি অৰ্জন কৰে। তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
উত্তৰ- মানুহে পৰস্পৰে পৰস্পৰক সত্য আৰু কল্যাণৰ দিশত সহায়-সহযোগিতা কৰিব লাগে।
সহায়-সহযোগিতাৰ উদাহৰণ যেনে-
প্ৰাপ্য অধিকাৰ পুনৰুদ্ধাৰ কৰি দিয়াত সহায় কৰা।
জালিমৰ অন্যায়-অত্যাচাৰ ৰোধ কৰাত সহায় কৰা।
দুখীয়া-দৰিদ্ৰ তথা অভাৱী মানুহৰ প্ৰয়োজন পূৰণত সহায় কৰা।
প্ৰতিটো কল্যাণকৰ কামত সহায় কৰা।
হিংসা, বিদ্বেষ, শত্ৰুতা আৰু গুনাহ তথা পাপকৰ্মত সহায় নকৰা।
আল্লাহে কৈছেঃ সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপকৰ্ম তথা সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। (ছুৰা আল-মায়িদাহঃ ২) যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন মুমিন আন এজন মুমিনৰ বাবে দেৱালস্বৰূপ, যাৰ এটা অংশই আন এটা অংশক সুদৃঢ় কৰি ৰাখে। মুত্তাফাক্ব আলাইহ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাই। গতিকে তেওঁ তাৰ অন্যায় কৰিব নালাগে আৰু তাক অন্যায়কাৰীৰ হাতত অৰ্পন কৰিবও নালাগে। যিয়ে নিজৰ ভাতৃৰ অভাৱ পূৰণ কৰিব, আল্লাহে তাৰ অভাৱ পূৰণ কৰিব। যিয়ে (পৃথিৱীত) কোনো মুছলিমৰ বিপদ দূৰ কৰিব, আল্লাহে কিয়ামতৰ দিনা তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিম ব্যক্তিৰ দোষ গোপন কৰিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দোষ গোপন ৰাখিব। মুত্তাফাক্ব আলাইহ
উত্তৰ- ১- আল্লাহৰ পৰা হায়া কৰিব লাগেঃ অৰ্থাৎ পৱিত্ৰ আল্লাহৰ পৰা হায়া কৰি গুনাহৰ পৰা বিৰত থাকিব লাগে।
২- মানুহৰ পৰা হায়া কৰিব লাগেঃ অৰ্থাৎ মানুহৰ সৈতে বেয়া ভাষা প্ৰয়োগ কৰিব নালাগে আৰু মানুহৰ সন্মুখত আওৰাহ (শৰীৰৰ যিখিনি অংগ ঢাকি ৰখা অনিবাৰ্য) উন্মোচন কৰিব নালাগে।
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ঈমানৰ ষাটি অথবা সত্তৰটাৰো অধিক শাখা-প্ৰশাখা আছে। ইয়াৰ সৰ্বোচ্চ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ (অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই), আনহাতে সৰ্বনিম্ন শাখাটো হৈছেঃ পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। আৰু হায়া বা লাজ হৈছে ঈমানৰ এটা অন্যতম শাখা। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
উত্তৰ- যেনে- বৃদ্ধলোকক সন্মান কৰা তথা তেওঁলোকৰ প্ৰতি দয়া কৰা।
সৰুৰ প্ৰতি তথা শিশুৰ প্ৰতি দয়া কৰা।
দুখীয়া-দৰিদ্ৰ আৰু অভাৱীৰ প্ৰতি দয়া কৰা।
জীৱ-জন্তুৰ প্ৰতি দয়া কৰা, সিহঁতৰ বাবে খাদ্যৰ যোগান ধৰা আৰু সিহঁতক কষ্ট নিদিয়া।
এইক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাৰস্পৰিক দয়া, ভালপোৱা আৰু সহানুভূতি প্ৰদৰ্শনৰ ক্ষেত্ৰত তুমি মুমিনসকলক এটা শৰীৰৰ দৰে দেখিবলৈ পাবা। যেতিয়া শৰীৰৰ এটা অংগ ৰোগাক্ৰান্ত হয়, তেতিয়া শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই ৰাতি জাগৰণ কৰে তথা জ্বৰত ভোগে। মুত্তাফাক্ব আলাইহ আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে। ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।
উত্তৰ- আল্লাহৰ সৈতে মুহাব্বত কৰা।
আল্লাহে কৈছেঃ আৰু যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহক অত্যন্ত ভাল পায়। (ছুৰা আল-বাক্বাৰাহঃ ১৬৫)
ৰাছুলক মুহাব্বত কৰা
তেখেতে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ পিতৃতকৈ আৰু সন্তানতকৈও অধিক প্ৰিয় নহওঁ। বুখাৰীয়ে বৰ্ণনা কৰিছে।
মুমিনসকলক মুহাব্বত কৰা, লগতে নিজৰ বাবে যিটো পছন্দনীয় সেইটো তেওঁলোকৰ বাবেও পছন্দ কৰা।
যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবেও পছন্দ নকৰিব।’ বুখাৰীয়ে বৰ্ণনা কৰিছে।
উত্তৰ- অৰ্থাৎ মানুহৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত আনন্দ-স্ফূৰ্তিৰ সৈতে মিছিকিয়া হাঁহিমুখে সাক্ষাৎ কৰা।
এইটো হৈছে মানুহৰ সন্মুখত বিৰক্তি ভাৱ প্ৰকাশৰ বিপৰীত, যাৰ ফলত মানুহ আঁতৰি যায়।
হাঁহিমুখে সাক্ষাৎ কৰাৰ ফজিলত সম্পৰ্কে হাদীছত আহিছে, আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়। ইয়াক মুছলিমে বৰ্ণনা কৰিছে। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ হাঁহিমুখে তোমাৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰাটোও হৈছে এটা চাদাক্বাহ। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে
উত্তৰ- আনৰ ওপৰত হোৱা নিয়ামতক অপছন্দ কৰা অথবা সেই নিয়ামতৰ ধ্বংস কামনা কৰা।
যেনে- পৱিত্ৰ কোৰআনত আছেঃ "আৰু (মই আশ্ৰয় বিচাৰোঁ) হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।" (ছুৰা আল-ফালাক্বঃ ৫)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, এজনে আনজনৰ পৰা পৃথক হৈ নাযাবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
উত্তৰ- কাৰোবাক হেও প্ৰতিপন্ন কৰিবলৈ ঠাট্টা-বিদ্ৰূপ কৰা। এইটো বৈধ নহয়।
ইয়াৰ নিষিদ্ধতা সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃ হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ৰ উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰী সকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই যালিম। (ছুৰা আল-হুজুৰাতঃ ১১)
উত্তৰ- মানুহতকৈ নিজকে ডাঙৰ বুলি নভবা, লগতে মানুহক হেও প্ৰতিপন্ন নকৰা আৰু সত্যক অস্বীকাৰ নকৰা।
আল্লাহে কৈছেঃ আৰু ৰহমানৰ প্ৰকৃত বান্দা হৈছে তেওঁলোকেই, যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে। (ছুৰা আল-ফুৰক্বানঃ ৬৩) অৰ্থাৎ বিনীত হৈ। আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আৰু যিয়ে আল্লাহৰ বাবে বিনয়ী হয়, আল্লাহে তাৰ মৰ্যাদা উন্নীত কৰি দিয়ে। ইয়াক মুছলিমে বৰ্ণনা কৰিছে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে মোৰ ওচৰলৈ এই বিষয়ে অহী প্ৰেৰণ কৰিছে যে, তোমালোকে বিনয়ী হোৱা, যাতে কোনেও কাৰো ওপৰত অন্যায় নকৰে আৰু অহংকাৰো নকৰে। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
উত্তৰ- ১- সত্যৰ প্ৰতি অহংকাৰ কৰা, অৰ্থাৎ সত্যক প্ৰত্যাখ্যান কৰা আৰু সত্য গ্ৰহণ নকৰা।
২- মানুহৰ প্ৰতি অহংকাৰ কৰা, অৰ্থাৎ মানুহক হেও প্ৰতিপন্ন কৰা তথা সিহঁতক নিম্নমানৰ বুলি ভবা।
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যাৰ অন্তৰত অণু পৰিমাণ অহংকাৰ থাকিব, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। এই কথা শুনি এজনে সুধিলেঃ (হে আল্লাহৰ ৰাছুল!) মানুহে পছন্দ কৰে তেওঁ পিন্ধা কাপোৰযোৰ উত্তম হওক তথা তেওঁৰ জোতাযোৰ উত্তম হওক, (এইটোও অহংকাৰ নেকি?) তেখেতে ক'লেঃ নিশ্চয় আল্লাহ সৌন্দৰ্যময় আৰু তেওঁ সৌন্দৰ্যক পছন্দ কৰে। আনহাতে অহংকাৰ হৈছে সত্যক প্ৰত্যাখ্যান কৰা আৰু মানুহক হেও প্ৰতিপন্ন কৰা। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
بَطَرُ الحَقِّ অৰ্থাৎ সত্য প্ৰত্যাখ্যান কৰা।
غَمْطُ النَّاسِ অৰ্থাৎ মানুহক হেও প্ৰতিপন্ন কৰা।
উত্তম কাপোৰ পিন্ধা আৰু উত্তম জোতা পিন্ধাটো অহংকাৰ নহয়।
উত্তৰ- কিনা বেচাত প্ৰতাৰণা কৰা, অৰ্থাৎ বিক্ৰী কৰিবলৈ লোৱা বস্তুৰ দোষ গোপন ৰখা।
শিক্ষা অৰ্জনৰ ক্ষেত্ৰত প্ৰতাৰণা কৰা। উদাহৰণস্বৰূপে পৰীক্ষাত নকল কৰা।
কথা-বতৰাত প্ৰতাৰণা কৰা। যেনে- মিছা কথা কোৱা তথা মিছা সাক্ষী দিয়া।
মানুহৰ লগত হোৱা চুক্তি ভংগ কৰা।
ঠগ-প্ৰৱঞ্চনা তথা প্ৰতাৰণা নিষিদ্ধ সম্পৰ্কে হাদীছত আহিছে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (বজাৰৰ এটি) খাদ্য সম্ভাৰৰ ওচৰেৰে অতিক্ৰম কৰি আছিল, হঠাৎ তেখেতে সেই খাদ্য সম্ভাৰৰ মাজত হাত সোমোৱাই দিলে, আৰু তেখেতে গম পালে যে, ভিতৰৰ বস্তুখিনি সেমেকি আছে তথা তিতি আছে। তেখেতে ক'লেঃ "হে খাদ্য সামগ্ৰীৰ গৰাকী! এইটো কি কথা?" তেওঁ ক'লেঃ "হে আল্লাহৰ ৰাছুল! বৰষুণৰ ফলত এনেকুৱা হৈছে।" তেখেতে ক'লেঃ "তুমি ইয়াক ওপৰত কিয় নাৰাখিলা, যাতে মানুহে চাব পাৰে? শুনা! যিয়ে প্ৰতাৰণা কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয়।" ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
الصُّبْرَة: হাদীছত বৰ্ণিত এই শব্দটোৰ অৰ্থ হৈছেঃ খাদ্য সামগ্ৰীৰ স্তূপ।
উত্তৰ- কোনো মুছলিম ভাতৃৰ অনুপস্থিতিত তাৰ বিষয়ে এনেকুৱা কথা কোৱা যিটোক সি অপছন্দ কৰে।
আল্লাহে কৈছেঃ আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু। (ছুৰা আল-হুজুৰাতঃ ১২)
উত্তৰ- কল্যাণকৰ কামক গধূৰ অনুভৱ কৰা, তথা মানুহৰ কোনো অত্যাৱশ্যকীয় কামত লেহেমীয়া কৰা।
উদাহৰণস্বৰূপেঃ ধৰ্মীয় অনিবাৰ্যমূলক কামত অৱহেলা কৰা।
আল্লাহ তাআলাই কৈছেঃ নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে। (ছুৰা আন-নিছাঃ ১৪২)
গতিকে মুমিনৰ কৰ্তব্য হৈছে অলসতা, অৱহেলা, এলাহ ভাৱ পৰিত্যাগ কৰা, আৰু এই পাৰ্থিৱ জীৱনত কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ সৈতে এনেকুৱা আমল কৰিব লাগে, যি আমলত আল্লাহ সন্তুষ্ট হ'ব।
উত্তৰ- ১- প্ৰশংসনীয় ক্ৰোধঃ কাফিৰ, মুনাফিক, ভণ্ড, বা আন কোনো লোকে আল্লাহৰ কোনো সীমা উলংঘা কৰাৰ ফলত জন্ম হোৱা ক্ৰোধ হৈছে প্ৰশংসনীয় ক্ৰোধ।
২- অপছন্দনীয় ক্ৰোধঃ যি ক্ৰোধে মানুহক এনেকুৱা কথা বা কাম কৰিবলৈ বাধ্য কৰায়, যিটো কৰা তাৰ বাবে উচিত নহয়।
অপছন্দনীয় ক্ৰোধৰ চিকিৎসাঃ
অজু কৰা।
থিয় হৈ থাকিলে বহিব লাগে আৰু বহি থাকিলে শুব লাগে।
লগতে এইক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপদেশৰ প্ৰতি আমল কৰিব লাগে। তেখেতে কৈছেঃ (খং নকৰিবা)।
ক্ৰোধৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰা।
আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ) এই দুআ পাঠ কৰা।
মৌনতা অৱলম্বন কৰা।
উত্তৰ- মানুহৰ দোষ-ত্ৰুটি খুচৰি ফুৰা আৰু সিহঁতৰ গোপন তথ্য লোক-সমাজত উন্মোচিত কৰাক তাজাচ্ছুছ বোলে।
নিষিদ্ধ তাজাচ্ছুছ বা চোৰাংচোৱাগিৰি যেনে-
মানুহৰ ঘৰৰ মাজৰ গোপন তথ্য খুচৰি ফুৰা।
মানুহে নজনাকৈ লুকাই লুকাই মানুহৰ কথা শ্ৰৱণ কৰা।
আল্লাহে কৈছেঃ আৰু তোমালোকে মানুহৰ দোষ-ত্ৰুটি খুচৰি নুফুৰিবা। (ছুৰা আল-হুজুৰাতঃ ১২)
ইছৰাফ বা অপচয় হৈছে অপ্ৰয়োজনত ধন-সম্পদ ব্যয় কৰা।
আনহাতে কৃপণতা হৈছে প্ৰয়োজনতো ধন-সম্পদ ব্যয় নকৰা।
কিন্তু উত্তম পন্থা হৈছে এই দুয়োৰে মধ্যৱৰ্তী পথ। লগতে মুছলিম ব্যক্তি উদাৰ হোৱা উচিত।
আল্লাহে কৈছেঃ তেওঁলোকে যেতিয়া ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং তেওঁলোকে এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে। (ছুৰা আল-ফুৰক্বানঃ ৬৭)
উত্তৰ- কাপুৰুষতা হৈছে, যাক দেখি ভয় কৰিব নালাগে তাক দেখি ভয় কৰা।
উদাহৰণস্বৰূপে সত্য কথা কওঁতে ভয় কৰা আৰু বাতিলৰ বিৰোধিতা কৰিবলৈ ভয় কৰা।
সাহসিকতা হৈছে, সত্যৰ সৈতে আগুৱাই যোৱা। যেনে- ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষাৰ বাবে সংগ্ৰাম কৰা।
এইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰি কৈছিলঃ হে আল্লাহ! মই কাপুৰুষতাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা অধিক পছন্দনীয়, প্ৰতিটো কল্যাণকৰ ক্ষেত্ৰতেই। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
উদাহৰণস্বৰূপে অভিশাপ কৰা, গালি-শপনি দিয়া।
কাৰোবাক জানুৱাৰ বুলি কোৱা, অথবা এইধৰণৰ কোনো শব্দ প্ৰয়োগ কৰা।
অশ্লীল তথা নিকৃষ্ট ভাষা ব্যৱহাৰ কৰা।
উক্ত সকলো বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধাজ্ঞা জাৰি কৰিছে, তেখেতে কৈছেঃ মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়। তিৰমিজী আৰু ইবনে হিব্বানে বৰ্ণনা কৰিছে।
উত্তৰ- এই দুআ কৰা যে, আল্লাহে যেন তোমাক উত্তম চৰিত্ৰ গ্ৰহণ কৰাৰ তাওফীক দান কৰে আৰু এইক্ষেত্ৰত তোমাক সহায় কৰে।
২- এই কথা মনত ৰখা যে, আল্লাহে সদায় তোমাক প্ৰত্যক্ষ কৰি আছে। তেওঁ তোমাৰ বিষয়ে অৱগত, তেওঁ তোমাৰ সকলো কথা শুনে আৰু তোমাক দেখি আছে।
৩- উত্তম চৰিত্ৰৰ ছোৱাব মনত ৰাখিবা, লগতে এই কথা স্মৰণ কৰিবা যে উত্তম চৰিত্ৰ হৈছে জান্নাতত প্ৰৱেশৰ কাৰণ।
৪- এইদৰে বেয়া চৰিত্ৰৰ পৰিণাম মনত ৰাখিবা, লগতে এই কথাও মনত ৰাখিবা যে, এইটো হৈছে জাহান্নামত যোৱাৰ কাৰণ।
৫- উত্তম চৰিত্ৰৰ ফলত আল্লাহৰ মুহাব্বত আৰু মানুহৰ মুহাব্বত অৰ্জন হয়। আনহাতে বেয়া চৰিত্ৰৰ ফলত আল্লাহৰ ঘৃণা আৰু মানুহৰ ঘৃণা অৰ্জিত হয়।
৬- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী অধ্যয়ন কৰা আৰু তাৰ অনুসৰণ কৰা।
৭- সৎলোকৰ সংগ অৱলম্বন কৰা, আৰু অসৎলোকৰ পৰা আঁতৰি থকা।